গুৱাহাটী : চলিত সপ্তাহতৰ ভিতৰতে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিয়োগ কৰাৰ সম্ভাৱনা আছে। দলটোৰ সাধাৰণ সম্পাদক অপুৰ্ব কুমাৰ ভট্টচাৰ্য্যই মঙলবাৰে সাংবাদিকৰ আগত এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ দলটোৰ শোচনীয় পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰিপুণ বৰাই অসম কংগ্ৰেছৰ সভাপতি আসনৰ পৰা পদত্যাগ কৰাৰ পিছত যোৱা দুমাহ ধৰি দলটোৰ সভাপতি আসনখন খালি হৈ আছিল।

ইমান ধৰি কিয় সভাপতি নিয়োগ কৰা হোৱা নাছিল বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভট্টচাৰ্য্যই কয় যে দুবাৰ ধৰি বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত দলক এজন ‘সৰৱ আৰু দৃঢ়’ নেতাৰ প্ৰয়োজন।

‘চলিত সপ্তাহতে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নাম ঘোষণা কৰা হ’ব। কেন্দ্ৰীয় নেতৃত্বই বৰ্তমান দলৰ সদস্যসকলৰ মতামত গ্ৰহণ কৰি আছে,’ ভট্টচাৰ্য্যই কয়।

তেওঁ আৰু কয়, ‘সকলো বিষয় পৰ্য্যালোচনা কৰি হাই কমাণ্ডে আটাইতকৈ গ্ৰহণযোগ্য প্ৰাৰ্থী গৰাকীক নিয়োগ কৰিব।’

দলৰ এক সূত্ৰই জনোৱা মতে নতুন সভাপতিৰ বাবে বহু কেইজন নেতাৰ নাম ওলাই আছে যদিও সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু তালিকৰ শীৰ্ষত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক ভুপেন বৰাৰ নাম তালিকাৰ শীৰ্ষত আছে।

লগতে পঢ়ক : অসমৰ চৰকাৰৰ ARIAS ছচাইটিৰ অধীনত কেইবাটাও পদত নিযুক্তি; উচ্চ দৰমহা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply