ধেমাজী : আজিও সংকটমুক্ত হোৱা নাই ধেমাজীৰ মৰিঢল মহাবিদ্যালয়ৰ দুৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়া। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নার্ছিংহোমত যোৱা চাৰিদিন ধৰি মৃত্যুৰে যুঁজিছে ছাত্ৰীগৰাকীয়ে।ধেমাজিৰ মৰিধল মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰিণ্টু শর্মাৰ দাৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল সেই মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া ।

ডিব্রুগড়ৰ ব্রহ্মপুত্র নার্ছিংহোম কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে ছাত্ৰী গৰাকী এতিয়াও ভেণ্টিলেটৰত সংকটজনক অৱস্থাত বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে।প্রচুৰ ৰক্তক্ষৰণৰ বাবে ছাত্রীগৰাকীক দিবলগীয়া হৈছে যথেষ্ট পৰিমাণৰ তেজ৷

ছাত্রীগৰাকীৰ প্রাণৰক্ষা কৰিবলৈ চিকিৎসকে চলাইছে আপ্রাণ চেষ্টা চলাইছে৷ নন্দিতাৰ মগজুৰ জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে যদিও স্বাস্থ্যৰ অস্থিৰতাৰ বাবে সেয়া সম্ভৱ হৈ উঠাগৈ নাই। শেহতীয়াকৈ জানিব পৰা মতে, নন্দিতাৰ মগজুৰ ৮৯ শতাংশ সক্ৰিয়তা নোহোৱা হৈছে৷

বর্তমানেও ভেন্টিলেটৰ ছাপোৰ্টত ৰখা ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক। ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ প্ৰয়োজন যদিও পৰিয়ালে আৰ্থিক দুৰবস্থাৰ বাবেই আগবাঢ়িব পৰা নাই । নিজ জিলাৰেই শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক পৰিয়ালৰ লগতে ৰাইজে অনুৰোধ কৰাৰ পিছতো গুৰুত্ব নাই কাৰো । আনহাতে দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ পৰিয়ালো আৰ্থিক ভাৱে সবল নহয়।যাৰ বাবে ইতিমধ্যে ছাত্ৰী গৰাকীৰ পিতৃয়ে ছচিয়েল মিডিয়া যোগে সকলোৰে সহায় বিচাৰিছে।

লগতে পঢ়ক আজিও আইচিইউত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে মৰিধলৰ ছাত্রী নন্দিতাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply