বিশ্বনাথ : বিশ্বনাথ জিলাত কভিডৰ ভয়াবহ সংক্ৰমণ। জিলাখনত প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি। জিলাখনৰ চাহ বাগিচা এখনত ৪২ জনকৈ লোকৰ শৰীৰত কভিড ধৰা পৰাৰ পিছত চাহ বাগিচাখন কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা। জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাষতে আছে চাহ বাগিচাখন।

দেশত কভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত কেইবালক্ষাধিক লোক কভিডত নতুনকৈ আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে কেইবাহাজৰ কভিড ৰোগী। অসমত বৰ্তমানলৈকে কভিড পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰা নাই যদিও প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাই আছে আক্রান্তৰ সংখ্যা।

অসমত কভিড আক্রান্তৰ সংখ্যা সৰ্বাধিক কামৰূপ মহানগৰ জিলাত থকাৰ বাবে মহানগৰী গুৱাহাটীৰ বহু অঞ্চল ইতিমধ্যে জিলা প্ৰশাসনে কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। কামৰূপ মহানগৰ জিলাৰ সমান্তৰালে অন্যান্য জিলা সমূহতো প্ৰতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে।

আক্রান্তৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বনাথ জিলাও পিছ পৰি ৰোৱা নাই। জিলাখনৰ কভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন, আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগ অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাষতে থকা নিলপুৰ চাহ বাগিচাখনৰ ৪২ জনকৈ লোকৰ শৰীৰত কভিডৰ অৱস্থিত ধৰা পৰাত চাহ বাগিচাখনক কন্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰসাদনে।

বৃহস্পতিবাৰে জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক নিলপুৰ চাহ বাগিচাখনত উপস্থিত হৈ বাগিচাখন কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। উল্লেখ্য হে ইতিমধ্যে বিশ্বনাথ জিলাত ৩০০ ৰো অধিক লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply