গুৱাহাটী : ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দি এতিয়া দৈনিক মজুৰি মাত্ৰ ২০৫ টকালৈ বৃদ্ধি কৰা কাৰ্যত অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। তদুপৰি সোণোৱাল চৰকাৰখনে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫০ টকাকৈ বৃদ্ধি কৰি ২১৭ টকা কৰাৰ বাবে অধিসূচনা জাৰী কৰিছিল। আগৰ এই অধিসূচনা বাতিল কৰি এতিয়া মাত্ৰ ৩৮ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কৈছে যে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ ৬ ঘণ্টাৰ ভিতৰতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ গেৰাণ্টি দিছিল। সেইফালৰ পৰা চালে প্ৰতিজন চাহ শ্ৰমিকে দৈনিক ১৬০ টকা লোকচান ভৰি আছে। যদি আমি মাহিলী হিচাব কৰি চাওঁ তেন্তে প্ৰতিজন চাহ শ্ৰমিকে মাহেকত ৪৫০০ টকাকৈ লোকচান ভৰিব লগীয়া হ’ব, যিটো বছৰেকত প্ৰতি গৰাকী চাহ শ্ৰমিকে ৫৪০০০ টকা লোকচান ভৰিব লাগিব। আৰু যদি আমি ৫ বছৰৰ হিচাব কৰি চাওঁ প্ৰতিজন চাহ শ্ৰমিক প্ৰায় ২,৭০,০০০ টকাৰ লোকচানৰ সন্মূখীন হ’ব।

লগতে পঢ়ক : ককাকৰ দ্বাৰা পীড়িত নাতি, জীয়েকৰ দেউতাকৰ বিৰুদ্ধে গোচৰ

যদি এটা পৰিয়ালত ৪ জন লোকে চাহ শ্ৰমিক হিচাপে নিয়োজিত হৈ থাকে, তেন্তে প্ৰতিদিনে সেই পৰিয়ালটোৱে ৬৪০ টকাৰ লোকচান ভৰিবলগীয়া হ’ব। পৰিয়ালটোৱে অহা ৫ বছৰত প্ৰায় ১০,৮০,০০০ টকাৰ লোকচানৰ সন্মুখীন হ’ব। কংগ্রেছ দলে আজি অনুভৱ কৰে যে বিজেপি দলক ভোট দিয়াৰ দৰে এটা ভুলৰ বাবে বিজেপি চৰকাৰখনে চাহ শ্ৰমিকক এয়া নিৰ্মম উপহাৰ দিছে। ইয়াত কোনো সন্দেহ নাই যে বিজেপিৰ ভূৱা প্ৰতিশ্ৰুতিত বিশ্বাস কৰি সহজ সৰল চাহ শ্ৰমিক সকলে মোক্ষম আঘাত পাইছে, আৰু কংগ্রেছ দলে অনুভৱ কৰে যে এয়া সৰ্ব সাধাৰণ ৰাইজৰ বাবে বিজেপিৰ আচল স্বৰূপ বুজিবলৈ নিশ্চিত এক পাঠ হৈ ৰ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply