নিউজ ডেস্ক: বৰ্তমান পৰ্যন্ত সমষ্টি পুনৰ নিৰ্বাচনৰ খচৰাক লৈ নিৰ্বাচনী আয়োগে লাভ কৰিছে ৫০০ আপত্তি আৰু পৰামৰ্শ । অহা ১৯ জুলাইত শুনানি লবলৈ অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ দল ।

উল্লেখ্য যে অসমৰ সমষ্টি পুনৰ গঠন কৰি প্ৰস্তুত কৰা খচৰা সন্দৰ্ভত ৰাইজ তথা দল-সংগঠনক আপত্তি আৰু পাৰমৰ্শ দাখিল কৰাৰ সুযোগ দিছিল নির্বাচন আয়োগে। কালিপৰ্যন্ত আয়োগে লাভ কৰে ৫০০ পৰামৰ্শ আৰু আপত্তি ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৯ জুলাইৰ পৰা শুনানি গ্ৰহণ কৰিব আয়োগৰ দলে। নির্বাচন আয়োগে যুগুত কৰা সূচী অনুসৰি ১৯ জুলাইত বিয়লি তিনি বজাৰ পৰা কোকৰাঝাৰ, চিৰাং, বাক্‌সা, ওদালগুৰি, কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ সমষ্টিসমূহক লৈ আয়োগে লাভ কৰা পৰামৰ্শ আৰু আপত্তি সন্দৰ্ভত শুনানি ল’ব।

২০ জুলাইত পুৱা ৯-৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলা, দুপৰীয়া ১২ বজাৰ পৰা দুই বজালৈ কামৰূপ মহানগৰ, কামৰূপ, নগাঁও, শোণিতপুৰ, মৰিগাঁও আৰু দৰং জিলাৰ আপত্তি তথা পৰামৰ্শসমূহক লৈ মতামত ল’ব । ৩-৩০ বজাৰ পৰা নিৰ্বাচন আয়োগে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰিব।

২১ জুলাইত পুৱা ৯-৩০ বজাৰ পৰা ১২-৩০ বজালৈ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট আৰু মাজুলী জিলাৰ সমষ্টিসমূহক লৈ উঠা আপত্তি আৰু পৰামৰ্শসমুহক লৈ শুনানি ল’ব আয়োগৰ প্ৰতিনিধি দলে।

লগতে পঢ়ক: ভূটানে খুলিলে কুৰিশ্ব বান্ধৰ পানী, সতৰ্কবানী জাৰি মুখ্যমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply