নিউজ ডেস্ক- ৰাজ্যত বৰ্তমানলৈকে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াক লৈ বিভিন্ন দল-সংগঠনে বিৰোধিতা কৰি উত্তাল কৰি থকা দেখিবলৈ পোৱা গৈছে। সেই সময়তে নির্বাচন আয়োগে অসমক তিনিটা ভাগত ভাগ কৰি পৃথকে পৃথকে শুনানি গ্ৰহণ কৰিবলৈ আহিব।

অহা ১৯ জুলাইত গুৱাহাটীত উপস্থিত হ’ব নির্বাচন আয়োগৰ দল। আৰু ২০ আৰু ২১ জুলাইত খচৰা সন্দৰ্ভত আপত্তি দৰ্শোৱা দল- সংগঠনসমূহৰ মতামতৰে আয়োগে শুনানি ল’ব।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নির্বাচন আয়োগে শুনানি গ্ৰহণ কৰিব। সকলো দল-সংগঠনৰ সৈতে সমষ্টি পুনৰ গঠনৰ খচৰা সন্দৰ্ভত উত্থাপিত অভিযোগসমূহ সুচাৰুৰূপে গ্ৰহণ কৰাৰ উদ্দেশ্যৰে নিৰ্বাচন আয়োগে ২০ জুলাইত আগবেলা কেৱল উজনি অসমৰ দল-সংগঠনৰহে মতামত গ্রহণ কৰিব। ২০ জুলাইত আবেলি মধ্য অসম আৰু উত্তৰ অসমৰ দল-সংগঠনসমূহৰ আপত্তিসমূহ গ্ৰহণ কৰিব। ২১ জুলাইত আগেবেলা বৰাক উপত্যকা, নামনি অসম আৰু ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ পৰা উত্থাপিত ওজৰ- আপত্তিসমূহ আয়োগে গ্ৰহণ কৰিব।

আনহাতে ২১ জুলাইৰ দিনৰ দুই বজাত সংবাদমেল সম্বোধন কৰিব আৰু তাৰ পাছতে নিৰ্বাচন আয়োগৰ দলটো দিল্লীলৈ উভতি যাব।

লগতে পঢ়কঃ পৰিচয় পত্ৰ অবিহনে সলনি কৰিব পাৰিব ২০০০টকাৰ নোট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply