নিউজ ডেস্ক: সৰুৰে পৰা গীত, বাদ্যৰ লগত জড়িত হৈ বিভিন্ন মঞ্চত গীত-বাদ্য পৰিৱেশন কৰি শ্ৰোতা-দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰান্তিক কৃষ্ণণে শুকুৰবাবে মুকলি কৰে তেওঁৰ প্ৰথমটো অফিচিয়েল গীত ‘মনৰে কবিতা‘ ৷ সংগীতৰ পৰা নাটকলৈকে সকলো ক্ষেত্ৰতে আগৰণুৱা তেজপুৰৰ প্ৰতিভা হৈ ধৰা দিছে প্ৰচুৰ সম্ভাৱনা থকা এগৰাকী উদীয়মান শিল্পী ।

তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত নিজা কথা আৰু কম্পজিশ্যনেৰে নিজৰ কণ্ঠত বাণীবদ্ধ কৰা সুমধুৰ চেমিক্লাচিকেল গীতটো মুকলি কৰা হয় ।

গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে কলাগুৰুৰ সন্তান, শিল্পী তথা তেজপুৰ সমষ্টিৰ বিধায়ক পিথ্বীৰাজ ৰাভাই ৷ উদীয়মান সংগীত শিল্পী ৰোহন শইকীয়াৰ সংগীতেৰে সজোৱা গীতটো মুকলি কৰি সন্তুষ্টি প্ৰকাশ কৰে উন্মোচক বিধায়কগৰাকীয়ে ৷

নতুন ধাৰাৰ সংগীতযুক্ত গীতটোত প্ৰাণঢালি কণ্ঠদান কৰা প্ৰান্তিক কৃষ্ণণে লগতে গীতটিত মিক্সিং আৰু মাষ্টাৰিং কৰিছে ৰোহন শইকীয়াই ৷ লিৰিকেল ভিডিঅ’ৰ ৰূপত ALEKHA নামৰ ইউটিউব চেনেলটোত মুকলি কৰা ‘মনৰে কবিতা’ গীতটোত বিশেষভাৱে সহযোগিতা আগবঢ়ায় উদ্দীপ্ত মহন্তই।

উল্লেখ্যে যে, জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাস আৰু তুলিকা শইকীয়া দাসৰ একমাত্র পুত্ৰ প্ৰান্তিক কৃষ্ণণ । কন্ঠ শিল্পী হোৱাৰ লগতে প্ৰান্তিক এগৰাকী সুদক্ষ ঢোলবাদকো ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply