নিউজ ডেস্ক: পুনৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছে কাশ্মীৰ। শুকুৰবাৰে ৰাজৌৰী ছেক্টৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন সেনা জোৱান নিহত হয়। এজন গুৰুতৰভাৱে আহত সেনা বিষয়াকে ধৰি ৪ জনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা ৰাজৌৰী খণ্ডৰ অন্তৰ্গত কান্দি বনাঞ্চলত সন্ত্ৰাস বিৰোধী অভিযান চলাই আছিল। সেই সময়তে জোৱানসকলৰ ওপৰত সন্ত্ৰাসবাদীয়ে বোমা নিক্ষেপ কৰে। বোমা বিস্ফোৰণৰ ফলত থিতাতে নিহত হয় দুজন সেনা জোৱান।

সেনাই প্ৰদান কৰা বিবৃতি অনুসৰি, সেনা দলটোৰ দুজনকৈ জোৱান নিহত হোৱাৰ লগতে এজন বিষয়াকে ধৰি আৰু চাৰিজন জোৱান আহত হৈছে।

বিবৃতিটোত কোৱা হৈছে, “একাউণ্টাৰৰ স্থানলৈ অতিৰিক্ত দল যাবলৈ নিৰ্দেশ দিয়া হৈছে। আহত জোৱানসকলক উধামপুৰৰ কমাণ্ড হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply