নিউজ ডেস্ক: সোমবাৰে কেন্দ্ৰীয় লোক সেৱা আয়োগে অসামৰিক সেৱা পৰীক্ষা ২০২৩- ৰ ফলাফল ঘোষণা কৰে। ২০২৩ চনৰ ২৮ মে’ত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় লোক সেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা। প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট upsc.gov.inত তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিব পাৰিব ।

উল্লেখ্য যে প্ৰাৰ্থীসকলৰ প্রার্থিত্ব অস্থায়ী আৰু পৰীক্ষাৰ নিয়ম অনুসৰি, তেওঁলোকে বিতং আবেদন (ডিএএফ-১)ৰ জৰিয়তে অসামৰিক সেৱা (মুখ্য) পৰীক্ষাৰ বাবে পুনৰ আবেদন কৰিব লাগিব । মুখ্য পৰীক্ষাৰ তাৰিখ আয়োগে ঘোষণা কৰিব আৰু যথা সময়ত ইয়াৰ ৱেবছাইটত ডিএএফ-১ পূৰণ আৰু দাখিল কৰাৰ বাবে গুৰুত্বপূৰ্ণ নির্দেশনা দিয়া হ’ব ।

প্ৰাৰ্থীসকলক অসামৰিক সেৱা পৰীক্ষা ২০২৩ নম্বৰ, কাট-অফ নম্বৰ আৰু উত্তৰ কী আপডেটৰ বাবে নিয়মীয়াকৈ আয়োগৰ ৱেবছাইট চাই থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় লোক সেৱা আয়োগে পৰীক্ষাৰ ফলাফল সন্দৰ্ভত উত্তৰ স্পষ্টীকৰণ পোৱাৰ বাবে নতুন দিল্লীৰ শ্বাহজাহান ৰোডৰ ঢোলপুৰ হাউচত এটা সুবিধা কাউণ্টাৰ মুকলি কৰিছে।

প্ৰাৰ্থীসকলে ব্যক্তিগতভাৱে কাউণ্টাৰলৈ গৈ বা টেলিফোন নম্বৰৰ জৰিয়তে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply