গুৱাহাটী: মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী শাখাই আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মহানগৰীৰ গুৱাহাটী ক্লাবত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি চৰকাৰক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায়।

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, কেন্দ্ৰীয় চৰকাৰ মূর্দাবাদ, অসম চৰকাৰ মূর্দাবাদ, বিজেপি চৰকাৰৰ কাম নাই, মূল্যবৃদ্ধিয়ে লগিছে জুই আৰু চৰকাৰ আছে শুই আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে পেট্ৰ’ল-ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায়।

চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে অনাগত দিনত আন্দোলন অধিক তীব্রতৰ কৰি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক – চিৰাঙত ২৪ ঘন্টাৰ ভিতৰতে দ্বিতীয়টো এনকাউন্টাৰৰ ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply