ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (আৰ এছ এছ)ৰ প্ৰধান মোহন ভাগৱতৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। বৰ্তমান তেওঁ নাগপুৰৰ কিংছৱে’ হস্পিতালত চিকিৎসাধীন হৈ আছে।

হস্পিতালখনৰ এক সূত্ৰই জনোৱা মতে শুকুৰবাৰে ভাগৱতক ক’ভিড-১৯ ৱাৰ্ডত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ চিকিৎসকৰ নিৰীক্ষণত আছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ, সূত্ৰটোয়ে লগতে জনায়।

আৰু পঢ়কঃকভিড টেষ্ট কৰিহে দৰ্শন কৰিব পাৰিব মা কামাখ্যা

আৰ এছ এছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত কোৱা হয়, ‘আৰ এছ এছৰ সৰসংঘচালক ড০ মোহনজী ভাগৱতৰ আজি কৰোণা পজিটিভ ধৰা পৰে। কিছুমান সাধাৰণ লক্ষণ থকাত তেওঁক নাগপুৰৰ কিংছৱে’ হস্পিতালত ভৰ্তি কৰোৱা হয়।‘

সমগ্ৰ দেশৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বিজেপি নেতাসকলে ভাগৱত শীঘ্ৰে আৰোগ্য হৈ উঠাটো কামনা কৰিছে।

উল্লেখযোগ্য যে যোৱা ৭ মাৰ্চত মোহন ভাগৱতে কোভিড-১৯ ভেকচিনৰ প্ৰথমটো ড’জ গ্ৰহণ কৰিছিল।

আৰু পঢ়কঃক’ভিড বিধি উলংঘা কৰি জৰিমনাৰ সন্মুখীন খোদ দেশৰ প্ৰধানমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply