বোকাজানঃ বোকাজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

এখন ডাম্পাৰৰ পৰা উদ্ধাৰ ৬০ পেকেট ড্ৰাগছ। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ ওজন প্ৰায় ৮০০ গ্ৰাম।

জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৫ কোটিৰো অধিক বুলি আৰক্ষীয়ে উল্লেখ কৰে।

বোকাজান ফুলবাৰীৰ বাবা হাজৰিকাৰ গৃহত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি।

ড্ৰাগছ মাফিয়া বাবা হাজৰিকাৰ ঘৰত হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাড়কে ধৰি উদ্ধাৰ হৈছে বিভিন্ন জীৱ-জন্তুৰ দেহৰ অংগ।

লগতে পঢ়কঃএজনীয়া শিক্ষকেৰে চলিছে বোকাখাতৰ এইখন প্ৰাথমিক বিদ্যালয়

দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল বাবা হাজৰিকাই।
ইতিমধ্যে আৰক্ষীয়ে বাবা হাজৰিকাৰ লগতে জব্দ কৰিছে তিনিখন বিলাসী বাহন আৰু এখন ডাম্পাৰ। অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply