গুৱাহাটীঃ কাইলৈ পুনৰ প্ৰকাশ পাব নতুন নিৰ্দেশনা আজি এই কথা বৈঠকত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পিছে এই নতুন নিৰ্দেশনা কেৱল চাহ-বাগানৰ বাবেহে প্ৰযোজ্য হ’ব। কাৰণ ১৩ মে’ৰ পৰা কাৰ্যকৰী হোৱা নিৰ্দেশনাত চাহ বাগান সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাছিল। যাৰ সুবিধা বুজি বহু বাগানৰ মালিকে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো সন্ধিয়ালৈ কাম কৰোৱাইছিল শ্ৰমিকক।

সেয়ে কেৱল চাহ বাগান সন্দৰ্ভতে নতুন নিৰ্দেশনা প্ৰকাশ পোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

আজিৰ এই সংবাদমেলত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ অধ্যক্ষ অচ্যুত বৈশ্য, এনএইছএমৰ পৰিচালন সঞ্চালক লক্ষ্মনন এছ, এনএইছএমৰ কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰীসহ অন্য কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷

সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত লকডাউনৰ সম্ভাৱনা নাই, পিছলৈ পৰিস্থিতি চাই ব্যৱস্থা লোৱা হ’ব বুলিও ব্যক্ত কৰে।

আনহাতে অক্সিজেন সন্দৰ্ভত তেওঁ কয় যে, বৰ্তমানে অসমত অক্সিজেন মজুত আছে। ইয়াৰ বাহিৰেও ২৫ মেট্ৰিকটন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। আনহাতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাক ১ মেট্ৰিকটন আৰু অৰুণাচলক ৫ মেট্ৰিকটন অক্সিজেন প্ৰদান কৰি এই সংকটৰ সময়ত সহায় আগবঢ়াব বুলিও মন্তব্য কৰে।

আৰু পঢ়কঃএগৰাকী বিধায়কৰ মহানুভৱতা; হস্পিতালৰ পৰা নিজেই লৈ আনিলে কৰোণাৰ পৰা সুস্থ হোৱা ৰোগীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply