নিউজ ডেস্কঃ দিল্লীৰ চৰকাৰে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিষিদ্ধ কৰিলে অ’লা, উবেৰ আৰু ৰেপিড’ৰ বাইক সেৱা। দিল্লীৰ পৰিবহণ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, অ’লা, উবেৰ, ৰেপিড’ৰ দুচকীয়া বাহনবোৰ ব্যক্তিগত পঞ্জীয়ন নম্বৰে সেৱা আগবঢ়াই আহিছে। যিটো ‘যান-বাহন আইন, ১৯৮৮ ৰ নিয়ম উলংঘা কৰা হৈছে।

অ’লা, উবেৰ আৰু ৰেপিড’ত কোনো ব্যক্তিয়ে গাড়ী মাধ্যমেৰে সেৱা আগবঢ়াব বিচাৰিলে ট্রান্সপ’ৰ্ট পঞ্জীয়ন নম্বৰ থকা টো বাধ্যতামূলক। কিন্তু ৰাজধানী দিল্লীত গাড়ীসেৱাৰ কোম্পানীৰ সুবিধা লৈ দুচকয়ী বাহনকে ব্যৱসায় ভিত্তিত ব্যৱহাৰ কৰা হৈছে। যাৰ ফলতেই দিল্লী চৰকাৰে ইয়াক নিষিদ্ধ কৰি দিছে।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰত ৰেপিড’বাইক সেৱা নিষিদ্ধ কৰাৰ পাছতে দিল্লী চৰকাৰেও এই সিদ্ধান্ত লয়। অনাগত দিনত এই সেৱা আগবঢ়াই পৰিয়ালক পোহপাল দিয়া গাড়ী চালকৰ পক্ষত চৰকাৰে কিদৰে থিয় দিয়ে সেয়া লক্ষণীয় হ’ব।

লগতে পঢ়ক – অখিল গগৈক সাময়িক সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply