নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ১০০ ৱাটৰ ৯১টা এফ এম ট্ৰেন্সমিটাৰ উদ্বোধন কৰিব। এই উদ্বোধনী অনুষ্ঠানে দেশৰ ৰেডিঅ’ সংযোগৰ ক্ষেত্ৰখনক আৰু অধিক উদগণি ঘটিব।

দেশৰ ১৮ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৪ খন জিলাত ৯১ টা নতুন ১০০ ৱাটৰ এফএম ট্ৰেন্সমিটাৰ স্থাপন কৰা হৈছে। এই সম্প্ৰসাৰণত আকাংক্ষিত জিলা আৰু সীমান্ত অঞ্চলসমূহক সাঙুৰি লোৱাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

এই সেৱাই সামৰি ল’বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগ, অসম, মেঘালয়, নাগালেণ্ড, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, অন্ধ্ৰ প্ৰদেশ, কেৰালা, তেলেংগানা, ছত্তীশগড়, গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, লাডাখ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। অল ইণ্ডিয়া ৰেডিঅ’ৰ এফএম সেৱাৰ এই সম্প্ৰসাৰণে অতিৰিক্ত ২ কোটি লোকক সাঙুৰি ল’ব, যিসকলে পূৰ্বে এফ সেৱা শুনিব পৰা নাছিল। ইয়াৰ ফলত প্ৰায় ৩৫,০০০ বৰ্গ কিলোমিটাৰ এলেকালৈ এফ এম সেৱা সম্প্ৰসাৰিত হ’ব।

উল্লেখযোগ্য যে, জনসাধাৰণৰ কাষ চপাৰ ক্ষেত্ৰত ৰেডিঅ’ই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক লৈ প্ৰধানমন্ত্ৰী দৃঢ় বিশ্বাসী। যথা সম্ভৱ দৰ্শকৰ কাষ চাপিবলৈ মাধ্যমটোৰ অনন্য শক্তিক ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মন কি বাত কাৰ্যসূচী আৰম্ভ কৰে, যি এতিয়া ইয়াৰ যুগান্তকাৰী ১০০সংখ্যক খণ্ড সম্পূৰ্ণ কৰিব।

লগতে পঢ়ক – ৰবি শৰ্মাৰ “শ্ৰী ৰঘুপতি” ছবিৰ ‘তুমি আৰু মই’ ৰ গীতটিৰ ভিডিঅ’ মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply