ডিব্ৰুগড় বিশ্ববিদ্যালয় দল

সোণাৰি: ডিব্ৰুগড় বিশ্ববিদ্যালয় ফুলবল একাদশে ৬৯ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃ জিলা ক্ষীৰোদ বৰুৱা সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

সোণাৰি ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে ওদালগুৰি জিলা ক্ৰীড়া সন্থা একাদশক টাইব্ৰেকৰৰ সহায়ত সামগ্ৰিক ভাৱে ৬-৫ গলৰ ব্যৱধানত পৰাজিত কৰে।

অসম ফুটবল সন্থাৰ উদ্যোগত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনৰ আজি চূড়ান্ত খেলৰ আৰম্ভনিতে দুইটা দলৰ খেলুৱৈ সকলক চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগু, আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু অসম ফুটবল সন্থাৰ বিষয়ববীয়া সকলৰ লগত চিনাকি কৰোৱাই দিয়া হয়।

খেলখনৰ প্ৰথমাৰ্দ্ধত ওদালগুৰি দলে এক গলত আগবাঢ়ি থকাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে দ্বিতীয়াৰ্ধত এটা গল দি সমতা স্থাপন কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গলত অমীমাংশিত হৈ ৰোৱাত ৰেফাৰীয়ে অতিৰিক্ত সময় দিয়ে যদিও কোনোএটা দিলে গল কৰিব সক্ষম নহয়।

ফলত ৰেফাৰীয়ে টাই ব্ৰেকৰৰ সহায় লয়। টাই ব্ৰেকৰত ওদালগুৰি দলে ৪ টা গল দিয়াৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে ৫ টা গল দিয়াত ডিব্ৰুগড় দল সামগ্ৰিক ভাৱে ৬-৫ গলত জয়ী হয়।

খেলৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰিণী সভাত বিশিষ্ট অতিথি সকলে বিজয়ী আৰু বিজিত দলৰ লগতে শ্ৰেষ্ঠ খেলুৱৈ সকলক পুৰস্কাৰ সমূহ বিতৰণ কৰে।

লগতে পঢ়ক- জুনিয়ৰ আৰু ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় সাতোৰত উজলিল অসমৰ সাঁতোৰবিদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply