নিউজ ডেস্কঃ আজি শাৰদীয় দুৰ্গোত্সৱৰ মহাষ্টমী। ৰাজ্যৰ চৌদিশে দেৱী বন্দনাৰে প্ৰাণোচ্ছৱ হৈ উঠিছে । পূজামণ্ডপ, দেৱ-দেৱালয় সমূহত দেৱীৰ মাৰ আশিষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ।

বিগত বৰ্ষত কোভিড পৰিস্থিতিৰ বাবে বিভিন্ন নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা পূজাত ভক্তৰ সমাগম বন্ধ আছিল।

আজি নিশা ১১.২৪ বজাৰ পৰা ১২.১২ বজালৈকে অনুষ্ঠিত হ’ব সন্ধি পূজা। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত হোৱা সন্ধি পূজাত দেৱী দুৰ্গালৈ বলি আগবঢ়োৱা হয়।

লগতে পঢ়কঃছয়গাঁৱৰ শাৰদীয় দুৰ্গাপূজাৰ ব্যতিক্ৰমী কাৰ্যসূচী

পৰম্পৰা আৰু জন বিশ্বাসৰ অনুসৰি মহাষ্টমী আৰু মহানৱমীত দেৱী দুৰ্গাৰ সন্মুখত বলি-বিধান দিবলৈ সাজু কৰি ৰখা হৈছে মহ, ছাগলীকে ধৰি অন্যান্য জীৱ। কামাখ্যা, বিল্বেশ্বৰসহ ৰাজ্যৰ বিভিন্ন থান দেৱালয়, মন্দিৰত দেৱীৰ বাবে উচৰ্গা কৰা হ’ব।

পূজা উপলক্ষে ৰাজপথত যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে। মহাসপ্তমীৰ নিশাতো মহানগৰীত তীব্ৰ যান-জঁট। কি গণেশগুৰি, কি চানমাৰি, সকলোতে ঠাইতে বিৰাজমান এটাই দৃশ্য। যান-জঁট নিয়ন্ত্ৰণত এতিয়া ৰাজপথত ব্যস্ত যান-বাহন আৰক্ষী। নিশা ৰাজপথ তথা পূজামণ্ডপলৈ ওলাই আহিল ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply